सीधे मुख्य सामग्री पर जाएं

অসমীয়া ৰচনা

 অসমীয়া ৰচনা

 

নোটঃ সময়ৰ প্রতি লক্ষ্য ৰাখিহে ৰচনা লিখিবা, ইয়াত অধিক ডাঙৰ আছে, সরুকৈ মূল পইন্টবোৰ ভৰাই কমকৈ লাইন লিখিবা, অন্যথা সময় নহব ।


পুথিভঁৰাল (2021 exceptional assessment, earlier year )


(আৰম্ভণি - বিভিন্ন প্রকাৰ - আৱশ্যকতা - সামৰণি)


উত্তৰঃ আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল


আৰম্ভণি:


 পুথিভঁৰাল হৈছে এখন কোঠালী বা ঘৰ য'ত অধ্যয়নৰ কাৰণে নানান বিষয়ৰ কিতাপ সযত্নে আৰু শৃঙ্খলাবদ্ধভাবে ৰখা হয়। পুথিভঁৰাল অবিহনে কোনো এখন বিদ্যালয়ে পৰিপূৰ্ণ বিদ্যালয়ৰ মৰ্যদা লাভ কৰিব নোৱাৰে। প্ৰায়বোৰ বিদ্যালয়তে থকাৰ দৰে আমাৰ বিদ্যালয়তো এখন আহল-বহল পুথিভঁৰাল আছে।


বিৱৰণ:


                আমাৰ বিদ্যালয়ৰ পুথিভঁৰালটো শিক্ষকসকলৰ উমৈহতীয়া কোঠালীটোৰ লগতে অৱস্থিত। ই হৈছে এটি ডাঙৰ কোঠালী য'ত এখন পুথিভঁৰালত থাকিবলগীয়া প্ৰায় সকলোবোৰ আধুনিক সা-সুবিধা আছে। আমাৰ বিদ্যালয়ৰ এজন অধ্যয়নশীল শিক্ষক আমাৰ পুথিভাঁৰলটোৰ তত্বাৱধানত আছে। আমাৰ পুথিভঁৰালখন পৰিচালনা কৰিবলৈ কিছুমান ধ'ৰা-বন্ধা নীতি-নিয়ম আছে।


আমাৰ পুথিভঁৰালখনত কেইবা হাজৰ কিতাপ আছে। পাঠ্যপুথি থকাৰ উপৰিও আমাৰ পুথিভঁৰালখনত বিভিন্ন বিষয়ৰ বহুতো কিতাপ আছে। বিদ্যালয় কতৃপক্ষই আমাৰ অধ্যয়নৰ কাৰণে দৈনিক বাতৰি কাকত আৰু নানান বিষয়ৰ আলোচনীও যোগান ধৰে।


ছাত্ৰ-ছাত্ৰীসকলক পোন্ধৰ দিনৰ কাৰণে কিতাপ প্ৰদান কৰা হয়। দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে বিদ্যালয় কতৃপক্ষই এবাৰতে পাঁচোখনকৈ কিতাপ যোগান ধৰে। মই পুথিভঁৰালখনৰ নিয়মীয়া পঢ়োৱৈ। মই মোৰ জিৰণিৰ সময়খিনি পুথিভঁৰালখনত বাতৰি কাকত, আলোচনী আৰু গল্পৰ কিতাপ পঢ়ি কটাওঁ।


সামৰণি:


আমাৰ পুথিভঁৰালখন স্থাপন হোৱাৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক সেৱা আগবঢ়াই আহিছে আৰু এনেদৰে ই জ্ঞান বিস্তাৰত এক সুন্দৰ ভূমিকা গ্ৰহণ কৰিছে।


অসমৰ প্রাকৃতিক সৌন্দৰ্য (2021 exceptional assessment, earlier year ) (krishna) 


আৰম্ভণি: উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত ভাৰতৰ অংগৰাজ্য অসমখন ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত ঈৰ্ষাজনকভাৱে চহকী। ইয়াৰ পৰ্বত, পাহাৰ, ভৈয়াম, নদ-নদী, গিৰি গুহা, নামনি, উজনি, সকলোতে প্ৰকৃতিদেৱীয়ে সৌন্দৰ্যৰ অভিনৱ ৰূপ ঢালি ন-কইনাৰ সাজেৰে ভূষিত কৰি ৰাখিছে।


পাহাৰ-পৰ্বতৰ সৌন্দৰ্য: অসমৰ উত্তৰে সৌন্দৰ্যৰ ৰূপ-মাধুৰী পৰিহিতা হিমগিৰি হিমালয় পৰ্বতশ্ৰেণী। ইয়াত সৰু-বৰ সকলো পাহাৰত সৌন্দৰ্য সিচঁৰতি হৈ আছে। ৰাতিপুৱাৰ কোমল ৰ'দ পাহাৰ-পৰ্বতৰ ওপৰত পৰি এক স্বৰ্গীয় সৌন্দৰ্যৰ সৃষ্টি কৰে। শীতকালত বৰফে ঢকা পাহাৰ-পৰ্বত যেন বগা চাদেৰে আটোমটোকাৰিকৈ মেৰিয়াই ৰাখিছে। অসমৰ সোঁমাজত থকা কার্বি - আংলং পাহাৰবোৰেও সৌন্দৰ্যময়ী অসমী আইক এক অপৰূপ দৃশ্যৰ চানেকি প্ৰদান কৰিছে। সেইদৰে অসমৰ ৰাজধানী গুৱাহাটী মহানগৰখনো চাৰিওদিশৰ পৰা পাহাৰে আগুৰা। পাহাৰৰ ওপৰৰ পৰা গুৱাহাটী মহানগৰখন চালে চকু থৰ হোৱা পোহৰৰ ফিটাৰ দৰে দেখাই মনত অপাৰ আনন্দৰ জোঁৱাৰ তোলে।


ভৈয়ামৰ সৌন্দৰ্য: অসমখন পাহাৰীয়া ৰাজ্য যদিও অসমৰ ব্রহ্মপুত্র আৰু বৰাক নৈ দুখনৰ উপত্যকা অতিকৈ সাৰুৱা। ইয়াত নানান ধৰণৰ শস্য উৎপন্ন হয়। আঘোণৰ পকা ধানৰ পথাৰৰ যেন সৌন্দৰ্যৰ আঁকৰ। আঘোণ মাহৰ চটফটীয়া বতাহত নাচি ফুৰা পথাৰৰ সোণালী ধানৰ সৌন্দৰ্যই মন-প্ৰাণ হৰি নি অসমবাসীক মুগ্ধ কৰে।


নদ-নদীৰ সৌন্দৰ্য: অসম হৈছে নদী মাতৃকা দেশ। ইয়াত অসংখ্য ন'দ-নদী আছে। ইয়াৰ ব্রহ্মপুত্র আৰু উপনৈসমূহে বাৰিষা কালত পানীৰে উপচি পৰি গাওঁ-ভুই বুৰাই পেলায়। বানপানীৰো সৃষ্টি কৰে। বানপনীয়ে যথেষ্ট ক্ষতি কৰে যদিও বাৰিষা কালত অসমৰ সৌন্দৰ্যই এক ৰহস্যময় অনিৰ্বচনীয় ৰূপ লয়। পানীৰ কুল কুল শব্দই কাণত অমিয়া হৈ বাজে। অসমৰ নদ-নদীসমূহত নাওখেল অনুষ্ঠিত হয়। নাৱৰীয়াসকলে নানান গীতমাত গাই আনন্দ-স্ফূর্তি কৰি সৌন্দৰ্যত সুৰৰ সমন্বয় ঘটায়। ।


অসমৰ হাবি বননিৰ সৌন্দৰ্য: অসম হৈছে হাবি-বননিৰ দেশ। ইয়াৰ ৩০ শতাংশ ভূমি হাবি-বননিয়ে দখল কৰি আছে। অসমৰ হাবিত নানান প্ৰজাতিৰ গছ-গছনি, তৰু-লতা, নল-খাগৰি আদিৰে ঠাহ খাই আছে। এই গছ-গছনিবোৰে প্ৰাকৃতিক সম্পদত অসমখনক চহকী কৰাৰ লগতে অসমৰ সৌন্দৰ্যৰ ভাণ্ডাৰলৈ অকৃপণ অৱদান আগবঢ়াইছে । অসমৰ উত্তৰ দিশত হিমালয় পৰ্বতৰ নামনি অঞ্চলত শাৰী শাৰী বিভিন্ন প্ৰজাতিৰ গছ, যেনে: গমেৰী, সোনাৰু, চেগুণ, শিশু, শিমলু আদিৰ লানিয়ে মনত অপাৰ আনন্দৰ খলকনি তোলে। সেইদৰে অসমৰ ব্রহ্মপুত্র ন'দৰ দক্ষিণ পাৰৰ সমভূমি অঞ্চলত বিস্তৃত হৈ থকা শাল গছৰ শাৰীয়ে সৌন্দৰ্য পিপাসু পৰ্যটকসকলক হাউ বাউলি মাতে।


বিভিন্ন ঋতুৰ সৌন্দৰ্যঃ অসমত ছয়টা ঋতু দেখা যায়: গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। এই ঋতুসমূহ স্বকীয় সৌন্দৰ্যৰে বৈশিষ্ট্যমণ্ডিত। গ্ৰীষ্ম আৰু বৰ্ষা কালৰ অসমৰ সৌন্দৰ্য অত�

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Pani Puri Pani Recipe - How To Make Best Pani Puri Pani

Pani Puri Pani Recipe:  A Tangy Delight to Tantalize Your Taste Buds Are you craving a burst of flavors in your mouth? Look no further than the mouthwatering delight of Pani Puri ! A popular street food in India, Pani Puri is a delightful snack that combines crispy puris (hollow, deep-fried bread) with a tangy and spicy pani (water) that is sure to tickle your taste buds. In this article, we bring you an authentic Pani Puri Pani recipe that will transport you to the bustling streets of India, where this delectable treat originated. The Origins of Pani Puri Pani Puri , also known as Gol Gappe or Puchka , traces its origins to the streets of North India. It is believed to have originated in the Indian state of Uttar Pradesh and later gained popularity across the country. Over time, Pani Puri has become a beloved street food across India, with different regions adding their own unique twists to the recipe. Today, it is not uncommon to find variations of Pani Puri in different parts of...

आ की मात्रा के शब्द चित्र सहित 2023

आ की मात्रा के शब्द चित्र सहित - एक सम्पूर्ण गाइड संकेतात्मक सूची आ की मात्रा के शब्द चित्र सहित 1. परिचय 2. आ की मात्रा के शब्द क्या होते हैं? 3. आ की मात्रा के शब्द के उदाहरण     स्वरों के उदाहरण    व्यंजनों के उदाहरण    वर्ण-माला    आ की मात्रा के शब्दों के उदाहरण    द्वित्व के शब्द    द्वित्व के उदाहरण   समानार्थी शब्द   समानार्थी शब्दों के उदाहरण 4 . आ की मात्रा के शब्द का महत्व 5. संक्षेप में 6. प्रश्नों के जवाब    प्रश्न 1: आ की मात्रा के शब्द क्या हैं?    प्रश्न 2: आ की मात्रा के शब्दों के उदाहरण दीजिए।     प्रश्न 3: द्वित्व के उदाहरण बताइए जिनमें 'आ' की मात्रा हो।    प्रश्न 4: आ की मात्रा के शब्दों के कुछ समानार्थी शब्द बताइए।    प्रश्न 5: आ की मात्रा के शब्द का महत्व क्या है?  आकार की मात्रा के शब्द क्या होते हैं? आ की मात्रा हिंदी भाषा की एक महत्वपूर्ण मात्रा है । इस मात्रा को आकार भी कहते हैं। जब किसी शब्द में "आ" की मात्रा होती है, तो उसका उच्चारण थोड...

Can I install APK on iPhone?

Can I install APK on iPhone? Presentation: Cell phone clients frequently run over different applications and records, some of which may not be viable with their gadget's working framework. For Android clients, introducing APK (Android Bundle Pack) records is a typical practice, as it permits them to get to many applications outside the authority application stores. Be that as it may, shouldn't something be said about iPhone clients? Might they at any point introduce APK documents on their gadgets? In this blog entry, we will investigate this inquiry and dig into the conceivable outcomes. What is an APK? APK represents Android Bundle Unit, and it is the document design utilized by the Android working framework to disseminate and introduce applications. An APK record contains every one of the fundamental parts and assets expected for an application to run on an Android gadget. Commonly, APK records are downloaded and introduced from outsider sources, rather than official applicat...